Assamese Abridged Explanation of the Quran
20:121 - 20:121

ফলস্বৰূপে আদম আৰু হাৱায় সেই গছৰ ফল ভক্ষণ কৰিলে, যিটো খাবলৈ তেওঁলোকক নিষেধ কৰা হৈছিল। ফলত এই ফল ভক্ষণ কৰাৰ পিচত দুয়োৰে লজ্জাস্থান প্ৰকাশ পালে, ইতিপূৰ্বে তেওঁলোকৰ লজ্জাস্থান আবৃত আছিল। তেতিয়া দুয়ো জান্নাতৰ গছৰ পাত ছিঙি নিজৰ লজ্জাস্থান ঢাকিবলৈ ধৰিলে। আদমে নিষিদ্ধ গছৰ ফল ভক্ষণ কৰি নিজ প্ৰতিপালকৰ আদেশ অমান্য কৰিছিল, এনেকুৱা কাম কৰি বহিছিল যিটো তেওঁৰ বাবে উচিত নাছিল।