Assamese Abridged Explanation of the Quran
22:15 - 22:15

যিয়ে এই ধাৰণা পোষণ কৰে যে, আল্লাহে পৃথিৱী আৰু আখিৰাতত তেওঁৰ ৰাছুলক সহায় নকৰিব, সেই ব্যক্তিয়ে নিজৰ ঘৰৰ ছাদৰ সৈতে এটা ৰচী লগাই চীপ জৰি লওক আৰু নিজকে মাটিৰ পৰা বিচ্ছিন্ন কৰক, তাৰ পিছত চাওক, ইয়াৰ দ্বাৰা তাৰ অন্তৰৰ ক্ৰোধ আৰু আক্ৰোশ শেষ হয় নে নহয়? আল্লাহ সকলো অৱস্থাতেই ৰাছুলৰ সহায়কাৰী। শত্ৰুৱে এইটো বিচাৰক বা নিবিচাৰক।