Assamese Abridged Explanation of the Quran
22:31 - 22:31

আল্লাহৰ মনোনীত দ্বীনৰ বাহিৰে আন সকলো ধৰ্মৰ পৰা নিজকে বিৰত ৰাখি তেওঁৰ ইবাদতত আন কাকো অংশীদাৰ স্থপনৰ পৰা দূৰত্ব অৱলম্বন কৰি, উপৰোক্ত আয়াতত উল্লেখ কৰা উপদেশবোৰ মানি চলা। এতেকে যিয়ে আল্লাহৰ লগত শ্বিৰ্ক কৰিব, ধৰি লোৱা সি আকাশৰ পৰা সৰি পৰিল, এতিয়া হয়তো চৰাই-চিৰকটিয়ে তাৰ মাংস আৰু হাড়সমূহ থাপ মাৰি লৈ যাব, নাইবা বতাহে তাক উৰুৱাই দূৰৱৰ্তী কোনো ঠাইত নিক্ষেপ কৰিব।