Assamese Abridged Explanation of the Quran
22:35 - 22:35

যেতিয়া তেওঁলোকৰ সন্মুখত আল্লাহৰ নাম লোৱা হয়, তেওঁলোকে তেওঁৰ শাস্তিক স্মৰণ কৰি ভীত-সন্ত্ৰস্ত হয়, তথা তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে, লগতে বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰে। আৰু পৰিপূৰ্ণৰূপে চালাত আদায় কৰে। আল্লাহে প্ৰদান কৰা ধন বিভিন্ন প্ৰকাৰৰ কল্যাণমূলক কামত ব্যয় কৰে।