Assamese Abridged Explanation of the Quran
22:47 - 22:47

হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ৰ লোকসকলক যেতিয়া অচিৰেই আহিবলগীয়া পৃথিৱীৰ শাস্তি আৰু পিছত হ'বলগীয়া আখিৰাতৰ শাস্তি সম্পৰ্কে সতৰ্ক কৰা হয়, তেতিয়া সিহঁতে সেই শাস্তি অতি শীঘ্ৰে আনিবলৈ আপোনাৰ ওচৰত দাবী জনায়, অথচ আল্লাহে সিহঁতৰ লগত যি প্ৰতিশ্ৰুতি কৰিছে, সেইটো তেওঁ কেতিয়াও ভঙ্গ নকৰিব। দৰাচলতে সেই পৰাজয়ো পাৰ্থিৱ জীৱনৰ এটা অংশ, যিটোৰ সন্মুখীন সিহঁত বদৰৰ যুদ্ধৰ দিনা হৈছিল। জানি থোৱা! আখিৰাতৰ শাস্তিৰ এদিন, পাৰ্থিৱ জীৱনৰ গণনা অনুযায়ী এহেজাৰ বছৰৰ সমান। কাৰণ তাত আছে অধিক কষ্ট।