Assamese Abridged Explanation of the Quran
22:61 - 22:61

নিৰ্যাতিত ব্যক্তিক এইকাৰণে সহায় কৰিব, কিয়নো আল্লাহে যিটো কৰিবলৈ ইচ্ছা কৰে সেইটোৱে কৰিবলৈ সক্ষম। তেওঁৰ ক্ষমতাৰ এটা প্ৰকাশ্য প্ৰমাণ হৈছে দিনক ৰাতিৰে আচ্ছাদিত কৰা আৰু ৰাতিক দিনেৰে আচ্ছাদিত কৰা। এটাক বঢ়াই দিয়ে আনটোক হ্ৰাস কৰি দিয়ে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু তেওঁলোকৰ আমল সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেৱেঁই সিহঁতক ইয়াৰ প্ৰতিদান দিব।