Assamese Abridged Explanation of the Quran
22:60 - 22:60

ওপৰত যিবোৰ বৰ্ণনা হ'ল, যেনে- আল্লাহৰ পথত যুদ্ধকাৰীসকলক জান্নাতত প্ৰৱেশ কৰাব, তথা অন্যায়কাৰী ব্যক্তিৰ পৰা সেই অনুপাতে প্ৰতিশোধ লোৱাৰ অনুমতি প্ৰদান কৰিছে যিমানখিনি অন্যায় কৰিছে, যাতে দ্বিতীয়বাৰ এনেকুৱা অন্যায় কৰাৰ সাহস নকৰে। ইয়াৰ পিছতো যদি অন্যায়-অত্যাচাৰত সীমালঙ্ঘন কৰে তেন্তে নিশ্চয় আল্লাহে নিৰ্যাতনকৃত ব্যক্তিক সহায় কৰিব। এতেকে জানি থোৱা! নিশ্চয় আল্লাহে মুমিন বান্দাসকলৰ গুনাহ মাফ কৰিব আৰু তেওঁলোকক ক্ষমা কৰিব।