Assamese Abridged Explanation of the Quran
22:65 - 22:65

হে ৰাছুল! আপুনি দেখা নাইনে, নিশ্চয় আল্লাহে পৃথিৱীৰ সকলো জীৱ-জন্তু আৰু জীৱ আৰু জড় সকলো বস্তুকেই আপোনাৰ আৰু মানুহৰ আয়ত্তাধীন কৰি দিছে, যাতে সিহঁতৰ উপকাৰ হয় আৰু প্ৰয়োজনীয়তা পূৰণ হয়। লগতে তেওঁৰ আদেশত সাগৰত চলা জাহাজসমূহক তোমালোকৰ আয়ত্তাধীন কৰি দিছে. যিবোৰ এটা দেশৰ পৰা আনটো দেশলৈ ভ্ৰমণ কৰে। তেৱেঁই আকাশক নিজৰ অধীনত ৰাখিছে, তেওঁৰ অনুমতি অবিহনে সেইখন ভাঙি নপৰে। যদি তেওঁ অনুমতি দিয়ে তেন্তে অৱশ্যে সেইখন ভাঙি পৰিব। নিশ্চয় আল্লাহ মানুহৰ বাবে অতি কৰুণাময় আৰু দয়াৱান, সেইকাৰণেই তেওঁ মানুহে অন্যায়-অত্যাচাৰ কৰাৰ পিছতো এইবোৰ বস্তুক সিহঁতৰ অধীনস্থ কৰি দিছে।