Assamese Abridged Explanation of the Quran
22:77 - 22:77

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰী লোকসকল! তোমালোকে চালাতত ৰুকু ছাজদাহ কেৱল আল্লাহৰ বাবেই কৰিবা। তথা কল্যাণমূলক কাম কৰিবা, যেনে- দান খয়ৰাত আৰু আত্মীয়তাৰ বন্ধন অটুট ৰখা আদি। যাতে তোমালোকে উদ্দেশ্যত সফল হ’ব পাৰা, লগতে ভয়-ভীতিৰ পৰা মুক্তি পোৱা।