Assamese Abridged Explanation of the Quran
23:21 - 23:21

হে মানৱজাতি! বাস্তৱতে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তুবোৰ (উট, গৰু আৰু ছাগলী)ৰ মাজত আছে ডাঙৰ শিক্ষা আৰু নিৰ্দেশনা, যাৰ দ্বাৰা তোমালোকে আল্লাহৰ ক্ষমতা আৰু তোমালোকৰ প্ৰতি তেওঁৰ দয়া তথা কৃপা অতি সহজে অনুভৱ কৰিব পাৰিবা। আমিয়েই তোমালোকক এইবোৰ চতুষ্পদ জন্তুৰ নিৰ্ভেজাল তথা সোৱাদ লগা গাখীৰ খোৱাওঁ। এইবোৰৰ দ্বাৰা তোমালোকে আৰু বহুতো প্ৰকাৰে উপকৃত হোৱা, যেনেঃ পৰিবহণ হিচাপে ব্যৱহাৰ কৰা, ঊন সংগ্ৰহ কৰা, গোবৰ আৰু নোমৰ দ্বাৰাও তোমালোকে উপকৃত হোৱা। তথা তোমালোকে এইবোৰৰ মাংসও ভক্ষণ কৰা।