Assamese Abridged Explanation of the Quran
23:24 - 23:24

ইয়াৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ সন্মানিত আৰু প্ৰমূখ লোকসকলে (যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল) নিজৰ অনুসাৰীসকলক আৰু সাধাৰণ লোকসকলক সম্বোধন কৰি ক’লেঃ “এই মানুহজন, যিজনে নিজকে ৰাছুল বুলি দাবী কৰে, তোমালোকৰ দৰেই দেখোন এজন মানুহ। দৰাচলতে এওঁ তোমালোকৰ ওপৰত ৰাজত্ব কৰিব বিচাৰে আৰু তোমালোকৰ নেতা হ’ব বিচাৰে। সঁচাই যদি আল্লাহে আমাৰ ফালে ৰাছুল প্ৰেৰণ কৰিব বিচাৰিলেহেঁতেন তেন্তে তেওঁ কোনো ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰিলেহেঁতেন। মানুহক কেতিয়াও ৰাছুল হিচাপে প্ৰেৰণ নকৰিলেহেঁতেন। আমাৰ পূৰ্বপুৰুষসকলৰ মাজত এনেকুৱা দাবীদাৰ ব্যক্তিৰ বিষয়ে কেতিয়াও আমি শুনা নাছিলোঁ।”