Assamese Abridged Explanation of the Quran
23:27 - 23:27

আমি নূহ আলাইহিচ্ছালামক সংবাদ প্ৰদান কৰিছিলোঁ যে, আপুনি আমাৰ চকুৰ সন্মুখত আৰু আমি কোৱো পদ্ধতিমতে এখন নাও বনাওক। সিহঁতৰ বিনাশ সম্পৰ্কীয় যেতিয়া আমাৰ আদেশ আহি পৰিব আৰু চৌকাত পানী উথলি উঠিব তেতিয়া প্ৰত্যেক জীৱ-জন্তুৰ মাজৰ পৰা এযোৰ এযোৰকৈ নাঁৱত উঠাই লব, যাতে সেইবোৰৰ বংশ পৃথিৱীত বাকী থাকে। লগতে আপোনাৰ পৰিয়ালকো উঠাই লব, কিন্তু সেইসকল লোকক নাঁৱত নুঠাব যিসকলৰ বিৰুদ্ধে আল্লাহে পূৰ্বেই সিদ্ধান্ত গ্ৰহণ কৰিছে। যেনেঃ আপোনাৰ স্ত্ৰী আৰু আপোনাৰ ল’ৰা। তথা সিহঁতৰ মুক্তি আৰু ৰক্ষাৰ বাবে আপুনি মোৰ ওচৰত প্ৰাৰ্থনা নকৰিব, কিয়নো সিহঁতে কুফৰী কৰি অন্যায় কৰিছে। সিহঁত নিশ্চিতভাৱে পানীত ডুবি ধ্বংস হ'ব।