Assamese Abridged Explanation of the Quran
23:30 - 23:30

উপৰোক্ত বিষয়টোৱে অৰ্থাৎ নূহ আলাইহিচ্ছালাম আৰু তেওঁৰ মুমিন সঙ্গীসকলক ৰক্ষা কৰা আৰু কাফিৰসকলক ধ্বংস কৰাৰ বিষয়টোৱে এই কথা স্পষ্টৰূপে প্ৰমাণ কৰে যে, নিশ্চয় আমি আমাৰ ৰাছুলসকলক সহায় কৰিবলৈ আৰু তেওঁলোকক অস্বীকাৰ কৰা লোকসকলক ধ্বংস কৰিবলৈ সক্ষম। দৰাচলতে আমি নূহ আলাইহিচ্ছালামক তেওঁৰ জাতিৰ মাজত প্ৰেৰণ কৰি সিহঁতক পৰীক্ষা কৰিব বিচাৰিছিলোঁ, যাতে কাফিৰৰ পৰা মুমিন আৰু গুনাহগাৰৰ পৰা আনুগত্যকাৰী স্পষ্টভাৱে প্ৰকাশ পায়।