Assamese Abridged Explanation of the Quran
23:32 - 23:32

ইয়াৰ পিছত আমি সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিলোঁ, যাতে তেওঁ সিহঁতক আল্লাহৰ পিনে আহ্বান কৰে। এতেকে তেওঁ সিহঁতক সম্বোধন কৰি ক'লেঃ তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। তেওঁ পৱিত্ৰ। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন নকৰিবানে?