Assamese Abridged Explanation of the Quran
23:34 - 23:34

যদি তোমালোকে নিজৰ দৰেই এজন মানুহৰ অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ'বা। কাৰণ নিজৰ উপাস্যবোৰক এৰি এনেকুৱা লোকৰ আনুগত্য কৰাত কোনো ধৰণৰ উপকাৰ নাই। এনেকুৱা লোকৰ অনুসৰণতো কোনো লাভ নাই, যিজনৰ মাজত তোমালোকৰ ওপৰত প্ৰাধান্য লাভ কৰিব পাৰা কোনো বৈশিষ্ট্য নাই।