Assamese Abridged Explanation of the Quran
23:50 - 23:50

আমি মৰিয়ম আৰু তেওঁৰ পুত্ৰ ঈছাক আমাৰ অদ্ভুদ শক্তিৰ প্ৰতীক বনাইছিলোঁ। কিয়নো তেওঁ পিতৃ নোহোৱাকৈ জন্ম লাভ কৰিছিল। আমি দুয়োকে এটা ওখ স্থান আশ্ৰয় দিছিলোঁ। যি ঠাইডোখৰ আছিল সমতল আৰু বসবাস উপযোগী। লগতে তাত প্ৰবাহিত পানীৰো সুব্যৱস্থা আছিল।