Assamese Abridged Explanation of the Quran
23:52 - 23:52

হে ৰাছুল! প্ৰকৃততে আপোনালোকৰ এটাই ধৰ্ম, আৰু সেইটো হৈছে ইছলাম। ময়েই আপোনালোকৰ ৰব্ব, মোৰ বাহিৰে আপোনালোকৰ আন কোনো প্ৰকৃত ৰব্ব নাই। গতিকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰক।