Assamese Abridged Explanation of the Quran
23:55 - 23:56

পাৰ্থিৱ জীৱনত আমি সিহঁতক যিবোৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততি প্ৰদান কৰিছোঁ, নিজৰ দলকলৈ আনন্দিত লোকসকলে নিজকে সেইবোৰৰ উপযুক্ত বুলি ভাৱে নেকি? সিহঁতে যিটো ভাৱিছে বিষয়টো তেনেকুৱা নহয়। বৰং আমি সিহঁতক অৱকাশ দিবলৈ আৰু সুযোগ দিবলৈ এইবোৰ প্ৰদান কৰিছোঁ। কিন্তু সিহঁতে এইটো উপলব্ধি কৰা নাই।