Assamese Abridged Explanation of the Quran
23:80 - 23:80

একমাত্ৰ তেৱেঁই জীৱন দান কৰে, তেওঁৰ বাহিৰে আন কোনেও জীৱন দান কৰিব নোৱাৰে। একমাত্ৰ তেৱেঁই মৃত্যুদান কৰে, তেওঁৰ বাহিৰে আন কোনেও মৃত্যু প্ৰদান কৰিব নোৱাৰে। দিন-ৰাতিৰ আৱৰ্তন, অন্ধকাৰ আৰু পোহৰ, দিন-ৰাতিক দীঘল কৰা অথবা সৰু কৰা, এই সকলোবোৰ তেওঁৰেই অধীনস্থ। এতেকে তেওঁৰ ক্ষমতা আৰু তেওঁ যে অকলেই এই বিশ্বজগত সৃষ্টি কৰিছে আৰু অকলেই তেওঁ যে, ইয়াক পৰিচালনা কৰে এই কথা তোমালোকে বুজি নোপোৱা নেকি!?