Assamese Abridged Explanation of the Quran
23:91 - 23:91

আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, এইটো কাফিৰসকলৰ ধাৰণাহে। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। যদি তেওঁৰ বাহিৰে কোনো সত্য উপাস্য থাকিলহেঁতেন, তেন্তে প্ৰত্যেকেই নিজৰ নিজৰ সৃষ্টি কৰা অংশকলৈ পৃথক হৈ গ’লহেঁতেন আৰু ইজনে সিজনক পৰাজিত কৰিলেহেঁতেন। ফলত বিশ্বজগতৰ পৰিচালনা বিশৃংখল হ’লহেঁতেন। বাস্তৱত কিন্তু এনেকুৱা একো হোৱা নাই। গতিকে এইটোৱে প্ৰমাণ কৰে যে, প্ৰকৃত উপাস্য কেৱল এজনেই, আৰু তেওঁ হৈছে আল্লাহ তাআলা। মুশ্বৰিকসকলে তেওঁৰ লগত অংশীদাৰ আৰু সন্তান সম্পৃক্ত কৰি যি দাবী কৰে, তাৰ পৰা তেওঁ অতি পৱিত্ৰ।