Assamese Abridged Explanation of the Quran
23:100 - 23:100

“মই যদি পৃথিৱীলৈ পুনৰ উভতি যাওঁ তেন্তে নিশ্চয় নেক আমল কৰিম।” কেতিয়াও নহয়, তুমি যি কৈ আছা, বিষয়টো তেনেকুৱা নহয়। এইটো কেৱলমাত্ৰ তোমাৰ মুখৰ বাক্যহে (এইটো কেতিয়াও আমলত পৰিণত নহ'ব)। তাক যদিও পৃথিৱীলৈ ওভোতাই পঠোৱা হয়, তথাপিও সি এই অঙ্গীকাৰ পূৰণ নকৰিব। মৃত্যুবৰণ কৰা এইসকল লোক কিয়ামত পৰ্যন্ত পৃথিৱী আৰু আখিৰাতৰ মধ্যৱৰ্তী সময়ছোৱাত এটা পৰ্দাৰ আঁৰত থাকিব। সেই ঠাইৰ পৰা সিহঁতে পৃথিৱীত এৰি যোৱাখিনি পাবলৈ অথবা তাত কৰা ত্ৰুটিবোৰ সংশোধন কৰিবলৈ কেতিয়াও পৃথিৱীত উভতি আহিব নোৱাৰিব।