Assamese Abridged Explanation of the Quran
29:5 - 29:5

কিয়ামতৰ দিনা প্ৰতিদান পোৱাৰ নিমিত্তে যি ব্যক্তিয়ে আল্লাহৰ সাক্ষাৎ কামনা কৰে, তেওঁ জানি থোৱা উচিত যে, আল্লাহে তেওঁলোকৰ বাবে যিটো সময় নিৰ্ধাৰণ কৰিছে, সেইটো অনতিপলমে আহিব। নিশ্চয় তেওঁ বান্দাসকলৰ কথা শ্ৰৱণকাৰী, আৰু তেওঁলোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা ইয়াৰ একোৱেই গোপন নহয়। অতিশীঘ্ৰে তেওঁ ইয়াৰ প্ৰতিদান দিব।