Assamese Abridged Explanation of the Quran
29:6 - 29:6

যি ব্যক্তিয়ে আনুগত্য পালন কৰি আৰু পাপকৰ্মৰ পৰা আঁতৰি থাকি নিজৰ প্ৰবৃত্তিৰ সৈতে সংগ্ৰাম কৰিব, লগতে আল্লাহৰ পথতো জিহাদ কৰিব, তেওঁৰ এই সকলো প্ৰয়াস তেওঁৰ নিজৰ বাবেই পৰিগণিত হ'ব। কাৰণ ইয়াৰ উপকাৰ তেৱেঁই লাভ কৰিব। নিশ্চিতভাৱে আল্লাহ সকলো সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী। গতিকে সিহঁতৰ আনুগত্যই কেতিয়াও তেওঁৰ মান-সন্মান বৃদ্ধি নকৰে আৰু সিহঁতৰ অবাধ্যতাই তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে।