Assamese Abridged Explanation of the Quran
29:14 - 29:14

নিশ্চয় আমি নূহ আলাইহিচ্ছালামক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁ সিহঁতৰ মাজত নশ পঞ্চাছ (৯৫০) বছৰ অৱস্থান কৰি সিহঁতক তাওহীদৰ দাৱাত প্ৰদান কৰিছিল। তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, আৰু নিজৰ কুফৰীত অটল আছিল। এতেকে সিহঁতে আল্লাহৰ লগত কুফৰী কৰি আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰি ডাঙৰ অন্যায় কৰিছিল, ফলত সিহঁত মহাপ্লাৱনৰ সন্মুখীন হৈছিল, আৰু সেই প্লাৱনত ডুবি ধ্বংস হৈছিল।