Assamese Abridged Explanation of the Quran
29:16 - 29:16

হে ৰাছুল! স্মৰণ কৰক ইব্ৰাহীম আলাইহিচ্ছালামৰ ঘটনা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃ তোমালোকে এক আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰি থাকি, কেৱল তেওঁৰেই ইবাদত কৰা, তথা তেওঁৰ শাস্তিক ভয় কৰা। তোমালোকৰ বাবে এই আদেশ অতি কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন।