Assamese Abridged Explanation of the Quran
29:18 - 29:18

হে মুশ্বৰিকসকল! তোমালোকে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰি আছা তেন্তে (জানি থোৱা) তোমালোকৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে সিহঁতৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেনেঃ নূহ, আদ আৰু ছামূদ সম্প্ৰদায়। ৰাছুলৰ দায়িত্ব হৈছে কেৱল স্পষ্টৰূপে বাৰ্তা পৌঁচাই দিয়া। গতিকে তেওঁৰ প্ৰতিপালকে তেওঁক যি পৌঁচাই দিবলৈ আদেশ দিছিল, তেওঁ সেইবোৰ তোমালোকক পৌঁচাই দিছে।