Assamese Abridged Explanation of the Quran
29:24 - 29:24

যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ জাতিক এক আল্লাহৰ ইবাদত কৰিবলৈ আৰু তেওঁৰ বাহিৰে মূৰ্ত্তি আদিৰ উপাসনা ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে, তেতিয়া সিহঁতে উত্তৰ প্ৰদান কৰি ক'লেঃ “তোমালোকে নিজৰ উপাস্যবোৰক সহায় কৰাৰ বাবে এওঁক হত্যা কৰা নাইবা জুইত নিক্ষেপ কৰা”। এতেকে আল্লাহে তেওঁক অগ্নিৰ পৰা ৰক্ষা কৰিলে। তেওঁক অগ্নিত নিক্ষেপ কৰাৰ পিছত, সুকলমে তেওঁক অগ্নিৰ পৰা ৰক্ষা কৰা বিষয়টোৰ মাজত, নিশ্চিতভাৱে মুমিনসকলৰ বাবে আছে উপদেশ। কাৰণ তেওঁলোকেই উপদেশৰ পৰা উপকৃত হয়।