Assamese Abridged Explanation of the Quran
29:27 - 29:27

আমি ইব্ৰাহীমক ইছহাক্ব আৰু তেওঁৰ পুত্ৰ ইয়াকূব দান কৰিছিলোঁ। আমি তেওঁৰ সন্তানসকলৰ মাজত নবুওৱত দান কৰিছিলোঁ, আৰু ঐশীগ্ৰন্থ প্ৰদান কৰিছিলোঁ। সত্যৰ ওপৰত ধৈৰ্য্য সহকাৰে অটল থকাৰ বাবে তেওঁৰ সন্তানসকলক সদাচাৰী বনাই, লগতে সুপ্ৰশংসা প্ৰদান কৰি তেওঁক পাৰ্থিৱ জীৱনতেই প্ৰতিফল দান কৰিছিলোঁ। নিশ্চয় তেওঁ আখিৰাততো পূণ্যৱান লোকসকলৰ দৰেই প্ৰতিদান লাভ কৰিব। পৃথিৱীত লাভ কৰা প্ৰতিফলৰ কাৰণে আখিৰাতৰ সন্মানপূৰ্বক প্ৰতিদানত অকণো হ্ৰাস কৰা নহ’ব।