Assamese Abridged Explanation of the Quran
29:29 - 29:29

তোমালোকে যৌন চাহিদা পূৰণৰ বাবে পুৰুষৰ গুহ্যদ্বাৰ কিয় ব্যৱহাৰ কৰা? তথা ভ্ৰমণকাৰী সকলক কিয় লুণ্ঠন কৰা, ফলত সিহঁতে তোমালোকৰ অশ্লীল কুকৰ্মৰ কাৰণে তোমালোকৰ ওচৰেৰে পাৰ হওঁতে ভয় কৰে? তথা তোমালোকে জনসভাতো অশ্লীল কাম কৰা পৰিলক্ষিত হোৱাৰ কাৰণটো কি, যেনেঃ উলঙ্গ হোৱা, অহা যোৱা কৰা ব্যক্তিক কথা আৰু কৰ্মৰ দ্বাৰা কষ্ট দিয়া আদি? এই অশ্লীল কৰ্মৰ পৰা বাধা প্ৰদান কৰাৰ পিছত তেওঁৰ সম্প্ৰদায়ে তেওঁক এই কথাষাৰৰ দ্বাৰা উত্তৰ দিছিল যে, যদি তুমি সত্যবাদী তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যি শাস্তিৰ জৰিয়তে তুমি আমাক ভয় দেখুৱাই আছা।