Assamese Abridged Explanation of the Quran
29:32 - 29:32

ইব্ৰাহীম আলাইহিচ্ছালামে ফিৰিস্তাসকলক ক’লেঃ “আপোনালোকে যিখন জনবসতিক ধ্বংস কৰিবলৈ ওলাইছে, তাত দেখোন স্বয়ং লূত আলাইহিচ্ছালামও আছে, তেওঁতো অন্যায়কাৰী নহয়”। ফিৰিস্তাসকলে ক’লেঃ “তাত থকা লোকসকলক আমি ভালদৰে জানো। সেই জনবসিতৰ ওপৰত অৱতীৰ্ণ হ’বলগীয়া শাস্তিৰ পৰা আমি নিশ্চিতভাৱে তেওঁক আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰিম, কিন্তু তেওঁৰ স্ত্ৰীৰ বাহিৰে। কাৰণ তাই ধ্বংস হ’বলগীয়া লোকসকলৰ লগত অৱস্থান কৰিব, শীঘ্ৰেই আমি তাইক সিহঁতৰ সৈতে ধ্বংস কৰিম”।