Assamese Abridged Explanation of the Quran
29:55 - 29:55

যিদিনা শাস্তিয়ে সিহঁতক ওপৰৰ পৰা ঢাকি ধৰিব, আৰু সিহঁতৰ ভৰিৰ তলত বিছনাৰ দৰে পাৰি দিয়া হ’ব। আৰু আল্লাহে সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ পৃথিৱীত তোমালোকে যিবোৰ শ্বিৰ্ক আৰু গুনাহৰ কৰ্ম কৰিছিলা তাৰ বিনিময়ত শাস্তি ভোগ কৰা।