Assamese Abridged Explanation of the Quran
29:56 - 29:56

হে মোৰ বান্দাসকল! যিসকলে মোৰ প্ৰতি ঈমান পোষণ কৰিছা, তোমালোকে সেই ভূমিৰ পৰা হিজৰত কৰা, যি ভূমিত মোৰ ইবাদত কৰা কঠিন হৈ পৰিছে। নিশ্চয় মোৰ এই ধৰা অতি বিশাল। গতিকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা। লগতে মোৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা।