Assamese Abridged Explanation of the Quran
29:60 - 29:60

পৃথিৱীত চলাফুৰা কৰা এনেকুৱা বহুতো প্ৰাণী আছে যিবোৰে নিজৰ জীৱিকা সঞ্চয় কৰি ৰাখিব নোৱাৰে আৰু বহন কৰিও লৈ ফুৰিব নোৱাৰে, আল্লাহেই সেইবোৰক জীৱিকা প্ৰদান কৰে আৰু তোমালোককো জীৱিকা দান কৰে। গতিকে জীৱিকাৰ ভয়ত হিজৰত ত্যাগ কৰা তোমালোকৰ এই অজুহাত গ্ৰহণযোগ্য নহয়। নিশ্চয় তেওঁ তোমালোকৰ কথা শ্ৰৱণকাৰী আৰু তোমালোকৰ নিয়্যত তথা কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তোমালোকক ইয়াৰ প্ৰতিদান দিয়া হ’ব।