Assamese Abridged Explanation of the Quran
29:62 - 29:62

আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে বিশেষ হিকমত অনুযায়ী তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, যিটো কেৱল তেৱেঁই জানে। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। একোৱেই তেওঁৰ পৰা গোপন নহয়। গতিকে বান্দাৰ হকে থকা কোনো কল্যাণকৰ হিত তেওঁৰ পৰা গোপন নহয়।