Assamese Abridged Explanation of the Quran
33:1 - 33:1

হে নবী! আপুনি আৰু আপোনাৰ লগত থকা মুমিনসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱাৰ ওপৰত প্ৰতিষ্ঠিত থাকক। একমাত্ৰ তেওঁকেই ভয় কৰক। কেতিয়াও কাফিৰ আৰু মুনাফিকসকলৰ চাহিদাৰ অনুসৰণ নকৰিব। নিশ্চয় কাফিৰ আৰু মুনাফিকসকলৰ চক্ৰান্ত সম্পৰ্কে আল্লাহ তাআলা সৰ্বজ্ঞ। সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত তেওঁ মহাপ্ৰজ্ঞাৱান।