Assamese Abridged Explanation of the Quran
33:7 - 33:7

হে ৰাছুল! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আমি নবীসকলৰ পৰা অঙ্গীকাৰ লৈছিলোঁ যে, তেওঁলোকে যেন একমাত্ৰ আল্লাহৰ ইবাদত কৰে, আৰু তেওঁৰ ইবাদতত আন কাকো অংশী স্থাপন নকৰে। লগতে তেওঁলোকে যেন সেই বাৰ্তা সূচাৰুৰূপে প্ৰচাৰ কৰে, যিটো তেওঁলোকৰ প্ৰতি অহী কৰা হৈছে। এই প্ৰতিশ্ৰুতি লৈছিলোঁ বিশেষকৈ আপোনাৰ পৰা, নূহৰ পৰা, ইব্ৰাহীম, মুছা আৰু ঈছা ইবনে মৰিয়মৰ পৰা। আল্লাহৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ আমি তেওঁলোকক যি দায়িত্ব অৰ্পন কৰিছিলোঁ, সেইটো পৰিপূৰ্ণৰূপে আদায় কৰিবলৈ আমি তেওঁলোকৰ পৰা এই দৃঢ় প্ৰতিশ্ৰুতি লৈছিলোঁ।