Assamese Abridged Explanation of the Quran
33:10 - 33:10

এইটো তেতিয়া সংঘটিত হৈছিল, যেতিয়া কাফিৰসকলে উপত্যকাৰ ওপৰিভাগৰ পৰা আৰু নিম্নভাগৰ পৰা অৰ্থাৎ পূৱ আৰু পশ্চিমৰ পৰা আক্ৰমণ কৰিবলৈ আহিছিল। তেতিয়া সকলো বস্তুক এৰি শত্ৰুক দেখা পাই তোমালোকৰ চকু থৰ লাগিছিল। লগতে ভয়তে তোমালোকৰ প্ৰাণ কণ্ঠাগত হৈছিল। আৰু তোমালোক আল্লাহ সম্পৰ্কে নানাধৰণৰ ধাৰণা পোষণ কৰিছিলা। কেতিয়াবা সহায় পাবা বুলি ধাৰণা কৰিছিলা, আকৌ কেতিয়াবা নিৰাশ হৈ পৰিছিলা।