Assamese Abridged Explanation of the Quran
33:24 - 33:24

যাতে আল্লাহে সত্যবাদীসকলক উত্তম প্ৰতিদান দিব পাৰে, যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিছিল আৰু তাক বাস্তৱত পৰিণত কৰিছিল। আনহাতে তেওঁৰ প্ৰতিশ্ৰুতি ভংগ কৰা মুনাফিকসকলক তেওঁ শাস্তি বিহিব পাৰে, তেওঁ ইচ্ছা কৰিলে সিহঁতক কুফৰী অৱস্থাতে তাওবাৰ পূৰ্বেই মৃত্যু প্ৰদান কৰিব পাৰে নাইবা সিহঁতক তাওবাৰ সুযোগ প্ৰদান কৰি সিহঁতৰ তাওবা কবূল কৰিব পাৰে। নিশ্চয় গুনাহৰ পৰা তাওবাকাৰী বান্দাসকলৰ প্ৰতি আল্লাহ অতি ক্ষমাশীল। তেওঁলোকৰ প্ৰতি অতি দয়ালু।