Assamese Abridged Explanation of the Quran
33:28 - 33:28

নবীৰ স্ত্ৰীসকলে যেতিয়া তেওঁৰ ওচৰত খা-খৰচ বৃদ্ধিৰ আবেদন কৰিলে, সেইসময়ত তেওঁৰ ওচৰত বৃদ্ধি কৰিবলৈ কোনো উপায় নাছিল, তেতিয়া আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি ক’লেঃ হে নবী! আপুনি আপোনাৰ স্ত্ৰীসকলক কৈ দিয়ক, যদি তোমালোকে পাৰ্থিৱ জীৱন আৰু ইয়াৰ সৌন্দৰ্য কামনা কৰা তেন্তে আহা, মই তোমালোকৰ বাবে সেইখিনি যোগান ধৰোঁ, যিখিনি এজনী তালাকপ্ৰাপ্তা স্ত্ৰীয়ে পোৱাৰ উপযুক্ত। তথা মই তোমালোকক তালাক দি দিওঁ, য’ত কোনো ধৰণৰ কষ্ট বা নিৰ্যাতন নাই।