Assamese Abridged Explanation of the Quran
33:30 - 33:30

হে নবীৰ স্ত্ৰীসকল! তোমালোকৰ মাজৰ যিয়ে কোনো প্ৰকাশ্য গুনাহ কৰিব, কিয়ামতৰ দিনা তাক দ্বিগুণ শাস্তি বিহা হ’ব। কাৰণ পৃথিৱীৰ অন্যান্য নাৰীসকলৰ তুলনাত তোমালোক মৰ্যাদাৱান। লগতে ইয়াৰ আৰু এটা কাৰণ হৈছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদাত যাতে কোনো ধৰণৰ আঘাত হানিব নোৱাৰে। দ্বিগুণ শাস্তি বিহাটো আল্লাহৰ পক্ষে অতি সহজ।