Assamese Abridged Explanation of the Quran
33:29 - 33:29

আনহাতে যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্তুষ্টি কামনা কৰা, লগতে আখিৰাতত জান্নাত কামনা কৰা তেন্তে তোমালোকৰ এই পৰিস্থিতিত ধৈৰ্য্য ধাৰণ কৰা। কাৰণ তোমালোকৰ মাজৰ যিয়ে ধৈৰ্য্য ধাৰণ কৰিব আৰু উত্তমৰূপে দাম্পত্য জীৱন পাৰ কৰিব, তেওঁৰ বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে মহাপ্ৰতিদান।