Assamese Abridged Explanation of the Quran
33:36 - 33:36

আল্লাহ আৰু তেওঁৰ ৰাছুলে যদি কোনো বিষয়ত ফয়চালা দিয়ে তেন্তে সেই ক্ষেত্ৰত কোনো মুমিন পুৰুষ আৰু কোনো মুমিনা নাৰীৰ বাবে সেই ফয়চালা স্বীকাৰ কৰাৰ বা প্ৰত্যাখ্যান কৰাৰ কোনো বিকল্প নাথাকে। যিয়েই আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব, সি নিশ্চিতভাৱে সঠিক পথৰ পৰা স্পষ্টৰূপে বিভ্ৰান্ত হ’ব।