Assamese Abridged Explanation of the Quran
33:48 - 33:48

আপুনি কাফিৰ আৰু মুনাফিকসকলৰ কথা মতে নচলিব, সিহঁতে আল্লাহৰ দ্বীন প্ৰচাৰ কৰাত বাধা দিয়ে। গতিকে আপুনি সিহঁতৰ পৰা দূৰত্ব বজায় ৰাখক। আপুনি যি লৈ আহিছে তাৰ প্ৰতি সিহঁতৰ ঈমান পোষণ কৰিবলৈ সম্ভৱতঃ এই পদ্ধতিটো অধিক ফলপ্ৰসূ হ'ব। লগতে আপুনি আপোনাৰ সকলো কৰ্মতে আল্লাহৰ প্ৰতি ভৰসা কৰক, উদাহৰণস্বৰূপে আপোনাৰ শত্ৰুক পৰাজিত কৰিবলৈ। কৰ্মবিধায়ক হিচাপে তেৱেঁই যথেষ্ট, যাৰ প্ৰতি বান্দাসকলে পৃথিৱী আৰু আখিৰাতৰ সকলো কৰ্মত ভৰসা কৰে।