Assamese Abridged Explanation of the Quran
33:49 - 33:49

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! যদি তোমালোকে কোনো মুমিনা নাৰীক বিবাহ কৰা আৰু তাইৰ সৈতে সহবাস কৰাৰ পূৰ্বেই যদি তাইক তালাক দিয়া তেন্তে তেনেক্ষেত্ৰত পালন কৰিবলগীয়া তাইৰ বাবে কোনো ইদ্দত নাই। কোনো ইদ্দতেই তাইৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, হায়েজ হওক অথবা মাহ। যিহেতু তাই সহবাস কৰা নাই, গতিকে তাইৰ গৰ্ভাশয় খালী থকাটোৱে স্বাভাৱিক। এতেকে তোমালোকে নিজৰ সামৰ্থ অনুযায়ী (তালাক দিয়াৰ সময়ত) তাইক কিছু ধন প্ৰদান কৰিবা। ইয়াৰ ফলত তালাকৰ দ্বাৰা হোৱা আন্তৰিক কষ্ট যাতে কিছু পৰিমাণ হ'লেও লাঘৱ হয়। লগতে তাইক কোনো ধৰণৰ কষ্ট নিদিয়াকৈ সদাচৰণৰ সৈতে তাইৰ পথ এৰি দিয়া।