এতেকে হে ৰাছুল! আপোনাৰ বিবাহ বন্ধনত থকা স্ত্ৰীসকলৰ বাহিৰে আন কোনো নাৰীক বিবাহ কৰাটো এতিয়াৰ পৰা আপোনাৰ বাবে বৈধ নহয়। লগতে এওঁলোকক তালাক দিয়াও আপোনাৰ বাবে বৈধ নহয়। তথা এওঁলোকৰ মাজৰ কোনোবা এজনীক তালাক দি অন্য কোনো নাৰীক বিবাহ কৰাটোও আপোনাৰ বাবে বৈধ নহয়। যদিও সেই নাৰীৰ সৌন্দৰ্যই আপোনাক মুগ্ধ নকৰক কিয়। পক্ষান্তৰে আপুনি আপোনাৰ অধীনত থকা দাসীসকলৰ দ্বাৰা উপকৃত হ'ব পাৰে, এই ক্ষেত্ৰত সংখ্যাৰ কোনো নিৰ্ধাৰণ নাই। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তুৰ সংৰক্ষক। এই বিধানটোৱে দৰাচলতে উম্মাহাতুল মুমিনীনসকলৰ মৰ্যাদাৰ প্ৰমাণবহন কৰে, কাৰণ তেওঁলোকক তালাক দিয়া আৰু তেওঁলোক নবীৰ বিবাহ বন্ধনত থকালৈকে অন্য কোনো স্ত্ৰীক বিবাহ কৰাটো নবীৰ বাবে নিষিদ্ধ কৰা হৈছে।