Assamese Abridged Explanation of the Quran
33:56 - 33:56

নিশ্চয় আল্লাহে ফিৰিস্তাসকলৰ সন্মুখত ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰশংসা কৰে। আৰু ফিৰিস্তাসকলে তেওঁৰ বাবে দুআ কৰে। গতিকে হে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁ চৰীয়ত মতে আমল কৰা বান্দাসকল! তোমালোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ আৰু ছালাম পাঠ কৰা।