Assamese Abridged Explanation of the Quran
33:63 - 33:63

হে ৰাছুল! মুশ্বৰিকসকলে নাকচ কৰাৰ আৰু অস্বীকাৰ কৰাৰ সুৰত আপোনাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে, তথা ইয়াহুদীসকলেও এই প্ৰশ্ন কৰে যে, কিয়ামত কেতিয়া সংঘটিত হ’ব? আপুনি ইহঁতক কৈ দিয়ক যে, কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰত আছে, এই বিষয়ে মোৰ ওচৰত কোনো তথ্য নাই। হে ৰাছুল! আপুনি কেনেকৈ উপলব্ধি কৰিব, হয়তো কিয়ামত অতি সন্নিকট?