Assamese Abridged Explanation of the Quran
33:66 - 33:66

কিয়ামতৰ দিনা সিহঁতৰ মুখমণ্ডল জুইত ওলট-পালট কৰা হ’ব। সিহঁতে সেইদিনা গভীৰ আফচোচ প্ৰকাশ কৰি তথা অনুতপ্ত হৈ ক’বঃ হায় আফচোচ! যদি আমি পাৰ্থিৱ জীৱনত আল্লাহৰ আদেশ পালন কৰিলোহেঁতেন আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিলোহেঁতেন। হায় আফচোচ! আমি যদি ৰাছুলে লৈ অহা বাৰ্তাৰ অনুসৰণ কৰিলোহেঁতেন!