Assamese Abridged Explanation of the Quran
34:7 - 34:7

কাফিৰসকলে পৰস্পৰে পৰস্পৰক ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বাৰ্তাৰ প্ৰতি আশ্চৰ্য প্ৰকাশ কৰি তথা সেইবোৰক উপলুঙা কৰি কয়ঃ আমি তোমালোকক এনেকুৱা এজন ব্যক্তিৰ বিষয়ে জনাম নেকি, যিয়ে তোমালোকক কয় যে, যেতিয়া তোমালোক মৃত্যুবৰণ কৰিবা আৰু তোমালোকৰ শৰীৰ ছিন্ন-বিচ্ছিন্ন হৈ যাব, তাৰ পিছত আকৌ তোমালোকক নতুনকৈ পুনৰ্জীৱিত কৰা হ’ব?