Assamese Abridged Explanation of the Quran
34:8 - 34:8

সিহঁতে কয়ঃ এই মানুহজনে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা নাই জানো, সেইকাৰণেই তেওঁ আমাৰ মৃত্যুৰ পিছত পুনৰ্জীৱনৰ দাবী কৰি আছে? অথবা তেওঁ উন্মাদ হৈছে, সেইকাৰণেই মুখেৰে যি আহে সেইটোৱে কয়, যিবোৰৰ কোনো বাস্তৱিকতা নাই? বিষয়টো তেনেকুৱা নহয়, যিদৰে ইহঁতে ভাৱি আছে। বৰং প্ৰকৃততে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, কিয়ামতৰ দিনা সিহঁত কঠিন শাস্তিৰ সন্মুখীন হ’ব, আনহাতে পৃথিৱীত সিহঁত সত্যৰ পৰা বিভ্ৰান্ত হৈ বহু দূৰ আঁতৰি থাকিব।